Local, Vocal, Global

যোৰহাটত প্ৰথমটো কণ্টেইনমেণ্ট জ’ন ঘোষণা

যোৰহাটত প্ৰথমটো কণ্টেইনমেণ্ট জ’ন

যোৰহাটৰ ১নং সোনাৰী গাঁৱৰ ১ নং বাইলেন কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰিছে জিলা প্ৰশাসনে

লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছিল মাৰাত্মক কভিড ১৯

তাৰ পিছতেই সমগ্ৰ অঞ্চলতো কোৱাৰেণ্টাইন জ’ন ৰূপে ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে

বিগত ১২ জুনত ডিফুৰ পৰা আহিছিল যুৱকজন

১৮ জুনত  নিজেই কৰোৱাইছিল স্বাৱ পৰীক্ষা

আজি কভিড ১৯ পজিটিভ ধৰা পৰে যুৱকজনৰ শৰীৰত

যুৱক জন কৰ’না পজিটিভ পোৱাৰ আগলৈকে হোৱা নাছিল কোৱাৰেণ্টাইনত

ষ্টাৰ হেল্থ ইণ্ডয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ ডিফুত কৰ্মৰত আছিল যুৱক জন

ওচৰৰ বিবাহ অনুস্থানলৈ যেৱাৰ লগতে বহু লোকৰ সংস্পৰ্শলৈ আহিছিল যুৱকজন

যুৱকজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩৮ জন ব্যক্তিক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে