Local, Vocal, Global

মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ নকৰিলে আত্মহত্যাৰ ভাবুকি

মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ নকৰিলে আত্মহত্যাৰ ভাবুকি একাংশ ঋণগ্ৰস্ত মহিলাৰ । লামডিঙৰ জৰংদিচাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত একাংশ মহিলাই ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া চৰ্ত উঠাই লবলৈ দাবী জনোৱাৰ লগতে সকলো ঋণগ্ৰস্ত মহিলাৰ ঋণ মাফ কৰিবলৈ দাবী জনাই ।

প্ৰতিবাদী মহিলাসকলে দাবী জনাই যে,”নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই যিদৰে কৈছিল আই মাতৃসকলে মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নালাগে ঠিক তেনদৰে লামডিঙৰ মহিলাসকলৰ লগতে অসমৰ ঋণগ্ৰস্ত মহিলাসকলৰ ঋণ মাফ কৰক । মাইক্ৰফাইনেন্সৰ একাংশ কৰ্মচাৰীয়ে ঋণ আদায় কৰিবলৈ গৈ একাংশ মহিলাক অভৱ্য আচৰণ কৰিছে।

লামডিঙৰ প্ৰায় ৭০-৮০ শতাংশ মহিলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ লৈছিল । এই মহিলাসকলে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ বাবে ঋণ পৰিশোধ কৰা নাছিল ।