Local, Vocal, Global

মহানগৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ

মহানগৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ।

ভৰলুমুখত  দুজন চোৰাং ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ কৰিছে আৰক্ষীয়ে। জব্দ সোণখিনি নগাঁৱৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ।

মহানগৰ আৰক্ষী আৰু ভৰলু আৰক্ষীযে AS-02-Z-9705 নম্বৰৰ চাৰিচকীয়া বাহন এখনৰ পৰা উদ্ধাৰ কৰে সোণখিনি । আৰক্ষীয়ে আটক কৰে মনোজ শ্বাহ আৰু আমান আলী নামৰ দুজন লোকক।

জব্দ সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা। পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।