Local, Vocal, Global

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

মহাজোঁট এতিয়া full Confident, চৰকাৰ মহাজোঁটেই গঠন কৰিব।নিৰ্বাচনী ফলাফল ঘোষণাৰ দিন যিমানে চমু চাপিছে সিমানে হৰ্ছ ট্ৰেডিঙৰ আতংকই খেদি ফুৰিছে কংগ্ৰেছ মহাজোঁটক ।উল্লেখযোগ্য যে শনিবাৰে কংগ্ৰেছৰ এক পৰ্যালোচনা বৈঠকত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি সকলো প্ৰাৰ্থীক ঐক‍্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।উল্লেখ্য যে চৰকাৰ কোনে গঠন কৰিব ইয়াক লৈ ব্যাপক জল্পনা কল্পনা চলি থকা সময়তে বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ আতংকই খেদি ফুৰিছে মহাজোঁটৰ নেতৃত্বক।উল্লেখযোগ্য যে হৰ্ছ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থী সকলক বচাবলৈ তেজপুৰৰ হোটেল গ্ৰীণ উডৰ ৪২ টা কোঠা বুক কৰিছে কংগ্ৰেছে।মহাজোঁটৰ এক শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি বিৰোধী শিবিৰৰ কোনো প্ৰাৰ্থীকে যাতে বিজেপিয়ে ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰণকৌশল সাজু কৰিছে কংগ্ৰেছে।