Local, Vocal, Global

মণিপুৰত ৰাজনৈতিক সংকট, সংখ্যালঘুত পৰিণত বি জে পি

*ৰাজনৈতিক সংকটত মণিপুৰৰ এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ।
*এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ ৯ বিধায়কৰ।
*বিজেপি এৰি কংগ্ৰেছ দলত যোগ দিলে মণিপুৰৰ ৩ বিধায়কে।
*এছ সুভাষচন্দ্ৰ সিং, টি টি হাওকিপ আৰু ছেমুৱেল জেন্দাই এৰিলে বিজেপি।
*তিনিওগৰাকী বিধায়কে বিধায়ক পদো ত্যাগ কৰিছে।
*এন পি পি ৰ ৪ বিধায়কৰো বীৰেন সিং চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ।
*বিধায়ক ৱাই জয়কুমাৰ সিং, এন কায়িছি, এল জয়ন্ত কুমাৰ সিং আৰু এন পি পিৰ বিধায়ক লেটপাও হাওকিপেও প্ৰত্যাহাৰ কৰিছে সমৰ্থন।
*তৃণমূল কংগ্ৰেছৰ টি ৰবীন্দ্ৰ সিং আৰু নিৰ্দলীয় বিধায়ক শ্বাহাবুদ্দিনৰো সমৰ্থন প্ৰত্যাহাৰ।
*৬০জনীয়া বিধানসভাত বৰ্তমান ১৮গৰাকীহে বিজেপিৰ বিধায়ক আছে ।
*চৰকাৰ গঠনৰ বাবে মণিপুৰত নূন্যতম ৩১খন আসনৰ প্ৰয়োজন।
*মণিপুৰত এতিয়া কংগ্ৰেছ দলৰ চৰকাৰ গঠনৰ কুচকাৱাজ চলিছে।