Local, Vocal, Global

ভূমিস্খলনে বিধ্বস্ত কৰা বৰাকত মুখ্যমন্ত্ৰী

শিলচৰত উপস্হিত মুখ্যমন্ত্ৰী সোণোৱাল ৷ বুধবাৰে ভুমিস্খলনত বৰাকত 21 জন লোকৰ মৃত্যুৰ পিচৰ পৰিস্হিতি বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ভ্ৰমণ ৷ আসন্ন বান পৰিস্হিতি সন্দৰ্ভত লব লগা ব্যৱস্হাৰো বুজ লব মুখ্যমন্ত্ৰীয়ে ৷ উপায়ুক্তৰ কাৰ্যলয়ত গুৰুত্বপুৰ্ণ বৈঠকত অমশ গ্ৰহন মুখ্যমন্ত্ৰীৰ ৷ বৈঠকত বৰাকৰ তিনিও খন জিলাৰ উপায়ুক্ত, এছ পি সহ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্হিত ৷ উপস্হিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয় আৰু কৃপানাথ মাল্লাহ ৷ কেবাজনো বিধায়ক সহ আমিনুল হক লস্কৰ উপস্হিত ৷ কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীৰ ৷ প্ৰতিকুল বতৰৰ বাবে জিলা দুখনৰ যাত্ৰা বাতিল ৷