Local, Vocal, Global

”ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম ৰাহুল গান্ধী’’

ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম ৰাহুল গান্ধী। এই মন্তব্য দিছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে।
শুকুৰবাৰে প্ৰচণ্ড বৰষুণৰ মাজত হাটলী মৰ্হ আৰু চান্দৱালৰ মাজত ৰাহুল গান্ধীৰ কাষত প্ৰায় ১৩ কিলোমিটাৰ খোজকাঢ়ি যোৱা ৰাউতে কয় যে কংগ্ৰেছ নেতাগৰাকীক লৈ বিজেপিয়ে দেশৰ জনতাৰ মাজত ভুল ধাৰণা বিয়পাইছিল যদিও ভাৰত জোড়ো যাত্ৰাই এই সকলো ভ্ৰান্ত ধাৰণা মচি পেলাইছে।

শিৱসেনৰ নেতা সঞ্জয় ৰাউটে পুণৰ কয় যে ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব দিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম আৰু দেশৰ এক মাত্র শক্তিশালী তথা বৃহৎ ৰাজনৈতিক দল কংগ্ৰেছৰ সহযোগিতা অবিহনে কোনো তৃতীয় ফ্ৰণ্ট সফল নহ’ব।

তেওঁ কয় যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ যাত্ৰাৰ উদ্দেশ্য হৈছে ঘৃণা আৰু ভয় দূৰ কৰা। আৰু বিৰোধী দলসমূহক তেওঁৰ দলৰ বেনাৰত একত্ৰিত কৰাতো নহয়।মতাদৰ্শগত আৰু ৰাজনৈতিক মতানৈক্যৰ বাহিৰেও ৰাহুল গান্ধীয়ে নেতৃত্বৰ গুণ দেখুৱাব পৰাতো দেশৰ বাবে এক সু খবৰ। আৰু বৰ্তমান বিজেপিৰ সন্মুখত এক ৰাজনৈতিক প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাতো বহু ডাঙৰ কথা। ইয়াৰ দ্বাৰা তেওঁ এক অলৌকিক কাম কৰি দেখুৱালে। শিৱ সেনাৰ সংসদ সদস্যগৰাকীয়ে ২১ জানুৱাৰীত সাংবাদিকৰ আগত এইদৰে কয়।

ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম নেকি বুলি সোধাত তেওঁ কয়- “কিয় নহ’ব?” ৰাহুল গান্ধীয়ে দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী বুলিও স্পষ্ট মত প্রকাশ কৰে সঞ্জয় ৰাউতে।

শিৱ সেনাৰ নেতা গৰাকীয়ে পুণৰ কয় – ‘কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সকলোৱে খোজ কাঢ়িব নোৱাৰে,।৩৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম খোজকাঢ়ি অতিক্রম কৰাতো সহজ কাম নহয়। ইয়াৰ বাবে বহুত দৃঢ়তা আৰু দেশৰ প্ৰতি মৰমৰ প্ৰয়োজন। তেওঁ দেশৰ প্ৰতি নিজৰ আত্মীয়তা প্ৰকাশ কৰিছে আৰু এই যাত্ৰাত মই কোনো ৰাজনীতি দেখা নাই।’- শিৱসেনাৰ নেতাগৰাকীয়ে এইদৰে কয়।

অৱশ্যে তেওঁ কয় যে ৰাহুল গান্ধীয়ে নিজেই কৈ আহিছে যে তেওঁ প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছুক নহয় কিন্তু “যেতিয়া মানুহে তেওঁক শীৰ্ষ পদত যাব বিচাৰিব তেতিয়া তেওঁৰ হাতত কোনো বিকল্প নাথাকিব”।

কংগ্ৰেছৰ অবিহনে বিজেপিক বাধা দিয়াতো সম্ভৱ নহয়৷ সঞ্জয় ৰাউতে কংগ্ৰেছক গ্ৰেণ্ড অল্ড পাৰ্টি বুলি অভিহিত কৰে কয় যে কংগ্ৰেছ দলৰ বহুত শক্তি আছে আৰু দেশৰ প্ৰতিটো কোণত ইয়াৰ মজবুত সংগঠন আছে। ‘কংগ্ৰেছ অবিহনে কোনো তৃতীয় ফ্ৰণ্ট সফল হ’ব নোৱাৰে, এইবাৰ ইয়াৰ সাংসদৰ সংখ্যা কম যদিও পৰিস্থিতি সলনি হ’বলৈ গৈ আছে ২০২৪ চনত।

কংগ্ৰেছ অবিহনে কোনো ফ্ৰণ্ট সফল হ’ব নোৱাৰে সেয়া বাস্তৱ আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। সঞ্জয় ৰাউতে পুণৰ কয়, ”মোৰ জম্মু কাশ্মীৰ ভ্ৰমণৰ মূল উদ্দেশ্য আছিল মোৰ নেতাৰ নিৰ্দেশত ৰাহুল গান্ধী নেতৃত্বাধীন যাত্ৰাত যোগদান কৰাতো। আৰু গান্ধীৰ কাষত খোজ কাঢ়ি যোৱাৰ এক বিৰল অভিজ্ঞতা হৈছে। ই কোনো ৰাজনৈতিক যাত্ৰা নহয়।’

১৯ জানুৱাৰীত কাশ্মীৰত উপস্থিত হোৱাৰ পিছত , বিগত ছমাহ ধৰি কাশ্মীৰৰ পৰা স্থানান্তৰিত হ’বলৈ বিচৰা প্ৰতিবাদকাৰী কাশ্মীৰী পণ্ডিত আৰু ড’গ্ৰা কৰ্মচাৰীসকলকো সাক্ষাৎ কৰে ৰাউতে। আৰু কয় যে জম্মু কাশ্মীৰত একেবোৰ সমস্যাৰ সন্মুখীন হৈছে বুলি জানি তেওঁ আচৰিত হৈছে। আৰু যিবোৰৰ ওপৰত আলোচনা কৰা হৈছিল। ৰাজনীতিও সলনি হৈছিল।
যদিও কাশ্মীৰী পণ্ডিত, শৰণাৰ্থী, আইন-শৃংখলাৰ পৰিস্থিতি, জনসাধাৰণৰ নিৰাপত্তাৰ চিন্তা আৰু সন্ত্ৰাসবাদৰ বিষয় হওক, প্ৰশ্নবোৰ এতিয়াও একেই।’- বিজেপিক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যোৱা আঠ বছৰত কাশ্মীৰক পুনৰ স্বৰ্গলৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হৈছে মোদী চৰকাৰ।

তেওঁ কয় যে চাৰি বছৰ পাৰ হৈ গ’ল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে বৃহৎ পৰিসৰৰ বিনিয়োগ, নিবনুৱাসকলৰ বাবে চাকৰি সৃষ্টি আৰু কাশ্মীৰী পণ্ডিতসকল উভতি অহা আৰু পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

জম্মু কাশ্মীৰত যেতিয়াই নিৰ্বাচন অনুষ্ঠিত হ’ব তেতিয়াই পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে দলৰ কৌশল সন্দৰ্ভত ৰাউটে কয় যে তেওঁৰ দলটোৱে সন্মানজনক স্থান পালে গ্ৰেণ্ড মিত্ৰতাৰ বাবে সাজু থাকিব। “অন্যথা আমি অকলে নিৰ্বাচনৰ বাবে যাম কাৰণ জম্মু কাশ্মীৰত বছৰ বছৰ ধৰি অমীমাংসিত হৈ থকা ৰাজহুৱা সমস্যাৰে ভৰি আছে।” তেওঁ কয় যে মোডীৰ অধীনত বিজেপি এটা ডাঙৰ দল যদিও “যদি আপুনি কেইখনমান ৰাজ্যক বাধা দিয়া দেখিছে, তেন্তে ই আন দলৰ ওপৰত নিৰ্ভৰশীল বা নিজৰ মিত্ৰজোঁটৰ অংশীদাৰক বিভক্ত কৰি ক্ষমতাত থাকিবলৈ চেষ্টা চলাব লাগিছে”। শিৱ সেনাৰ দৰে হিন্দুত্ববাদী দল এটাৰ শীর্ষ নেতা এগৰাকীৰ এনে মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ হৈছে।