Local, Vocal, Global

বি জে পি, বি পি এফৰ পৰা কংগ্ৰেছলৈ

আজি ওদালগুৰি জিলাৰ মাজবাটৰ “কন্দপান ভৱন”ত অনুষ্ঠিত এক সভাত বিজেপি আৰু বিপিএফ দলৰ পৰা বহু কেইগৰাকী নেতা-কৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। মাজবাট ব্লক কংগ্ৰেছ কমিটীৰ ভাঃ সভাপতি মাথিয়াছ কুজুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সকলোকে একোখন ফুলাম গামোচাৰে আদৰণি জনায়। বিজেপি দলৰ ৰবীন্দ্ৰ বসুমতাৰী, ভিকি পানীমট্টাম,ৰত্ন দৈমাৰী, ছুলেমান খোছলা, দ্বীপ্তী ভেৰছা,অণিমা মুছাহাৰী, মীনা বসুমতাৰীয়ে বিজেপিৰপৰা আৰু বিপিএফ দলৰ পৰা সৌৰাং খাখলাৰী, উপেন তাঁতী, মনোৰঞ্জন বৰ্মণ, বিষ্ণু বসুমতাৰী, ৰাজু বসুমতাৰী,ৰণদেলা বসুমতাৰী প্ৰমুখ্যে বহু কেইগৰাকী নেতা-নেত্ৰীয়ে যোগদান কৰে কংগ্রেছ দলত। লকডাউন সৃষ্ট পৰিস্থিতিৰ বাবে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যোগদান স্থগিত ৰখা হয়। আজিৰ সভাত জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী, বি টি চি নিৰ্বাচনৰ বাবে ৩৯ নং পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নৱ কুৰ্মীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰশান্ত লহকৰ উপস্থিত আছিল।