Local, Vocal, Global

বিশ্বনাথত পুনৰ ৩ জন কভিড১৯ ত আক্ৰান্ত

বিশ্বনাথ জিলা উপাুয়ুক্ত কাৰ্যালয়ত হাহাকাৰ অৱস্থা । বিশ্বনাথ জিলাত কভিড১৯ত আক্ৰান্তৰ সংখ্যা ১৩৭ লৈ বৃদ্ধি
বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদতে থকা উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰাত সম্প্ৰতি উপায়ুক্ত কাৰ্যালয়ত হাঁহাকাৰ লাগিছে ৷ তপন কুমাৰ চাহা নামৰ কৰ্মচাৰী জনৰ দেহত ধৰা পৰিছিল কৰ’নাৰ অৱস্থিতি৷ আজিও কাৰ্যালয়লৈ আহিছিল কৰ্মচাৰীজন ৷ বিশ্বনাথৰ কভিড১৯ পজিটিভ নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল চাহা ৷  ইতিমধ্যে তপন কুমাৰ চাহাৰ সংস্পৰ্শলৈ অহা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে আজি শ্বাৱ দিয়া পৰিলক্ষিত হৈছে । এই সকল কৰ্মচাৰীয়ে আজি বিশ্বনাথৰ ষ্টেডিয়ামস্থিত স্বাৱ পৰীক্ষা কেন্দ্ৰত স্বাৱ দিছে l ইয়াৰ লগে লগে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয় চেনিটাইজ কৰা হৈছে । আনহাতে  বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰান্টাইন কেম্পত থকা গংগাৰাম বছনেট ,বালিপুখুৰি আইটিআই কোৱাৰান্টাইন কেম্পত থকা পুটুল স্বৰ্গীয়াৰী কভিড১৯ ত আক্ৰান্ত হৈছে ।  বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তপন পাল কৰ্মৰত হৈ থকাত আজি কভিড ১৯ ত আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ অৱস্থা । উল্লেখযোগ্য যে যোৱা নিশা বিশ্বনাথত পুনৰ দুজনৰ দেহত কভিড১৯ পজিটিভ । বিশ্বনাথৰ বেংক বিষয়া বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ আহি কভিড পজিটিভ হোৱা বেটাৰি মেকানিক বুলন মন্দলৰ পত্নী নন্দিতা মণ্ডলৰ দেহত ধৰা পৰিছে কভিড১৯ পজিটিভ। আনহাতে আন এগৰাকী হৈছে বিশ্বনাথৰ  কল্যানপুৰৰ দিপ্ৰীয়া পাল ৷দিপ্ৰীয়া পালে বেংক বিষয়া বিজয় শংকৰ দাসৰ কন্যা কভিড পজিটিভ ইশানীক গীতৰ প্ৰশিক্ষণ দিছিল ৷ ইয়াৰ লগতে বিশ্বনাথৰ বালিপুখুৰীস্হ ৬ জন সেনা জোৱান আক্ৰান্ত হৈছিল l