Local, Vocal, Global

বিশ্বনাথত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুন মৃত্যু এজন

বিশ্বনাথত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু এজনৰ

বিশ্বনাথত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনা । এজন যুৱকৰ কৰুণ মৃত্যু । কদমণি গাঁৱৰ ৰাস্তাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন যুৱকজনৰ । মৃত যুৱকজন বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ ধনসিং বাওৰি(৩৪)। এখন মটৰ চাইকেলত আহি থকা অৱস্থাত এই  ঘটনা সংঘটিত হয়। বিগত বৰ্ষত বিদ্যুৎ বিভাগৰ কৰ্মৰত এজন কৰ্মচাৰী খুঁটাত উঠি কাম কৰি থকা অৱস্থাত মুৰ ছিঙি খুঁটাৰ ওপৰৰ পৰা মাটিলৈ পৰি গৈ বিদ্যুৎ জ্বলি জেবলিয়ে কৰুণ মৃত্যুক সাৱটিছিল l ৰাইজৰ দাবী উপযুক্ত ক্ষতিপুৰণ দিয়ক ধনসিং বাওৰিৰ পৰিয়ালক l