Local, Vocal, Global

বাৰিষাৰ পথাৰত বিপন্ন কৃষকৰ জাপি..

বাৰিষাৰ পথাৰত কৃষকৰ ভৰষা এটা জাপি
ৰদ,বৰষুণৰ মাজতে মুৰত জাপি লৈ কৃষক নামে পথাৰত

লখিমপুৰ জিলাৰ আমগুৰী গাঁৱৰ ডেকা -বুঢ়া ,জীয়ৰী- বোৱাৰী বিগত দুমাহ ধৰি ব্যস্ত জাপি প্ৰস্তুত কৰাত। এই আমগুৰীৰ পৰাই জাপি ৰপ্তানি হয় জিলাখনৰ বিভিন্ন স্থানৰ লগতে আন আন জিলালৈ। বহাগ বিহুৰ পিছৰে পৰা গাঁৱৰ ৰাইজৰ যেন ৰ’বলৈ সময় নোহোৱা হয়। হাজাৰ হাজাৰ জাপি প্ৰস্তুত হয় এইখন গাঁৱত । কিন্তু এইবাৰ কিছু সুকিয়া। কাৰণ লকডাউনত বন্ধ হাট,বজাৰ। ঘৰতে প্ৰস্তুত কৰা জাপি বিক্ৰী কৰিব পৰা নাই এইসকল কৃষিজীৱী লোকে। নাই গ্ৰাহক। হয়টো বহুতেই এইবাৰ আমগুৰীৰ নতুন জাপি মুৰত লৈ নামিবলৈ নাপাব পথাৰত। এইসকল লোকৰ চৰকাৰলৈ কাতৰ অনুৰোধ, লকডাউনৰ বাবে লোকচানৰ সন্মুখীন হোৱা পৰিয়াল সমুহক এনে সংকটকালত উদ্ধাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কাৰন ঘৰতে বনোৱা জাপি বিক্ৰী কৰি প্ৰতি বছৰে ভাল উপাৰ্জন হয় গাঁৱৰ ৰাইজৰ। কিন্তু এইবাৰ সকলো সলনি কৰিলে মহামাৰী কৰোনাই।