Local, Vocal, Global

বাঘজানত ২ অয়ল কৰ্মচাৰীৰ মৃত্যু, কৰ্তৃপক্ষক ঘেৰাও

বাঘজানৰ বিস্ফোৰণ থলীত কালিৰে পৰা নিৰুদ্দিষ্ট হৈ থকা দুই অয়ল কৰ্মচাৰী ক্ৰমে তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হোৱাৰ লগে লগে উত্তপ্ত হৈ উঠিছে পৰিস্থিতি। নিহত দুয়োজন অয়ল কৰ্মচাৰীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ তুলিছে এই বুলি, যে বাঘজানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজত অয়ল কৰ্মচাৰী দুজনৰ মৃত্যুৰ ঘটনা গোপনে ৰাখিব খুজিছিল অয়ল ইণ্ডিয়া কৰ্তৃপক্ষই। যিহেতু কৰ্তব্যৰত অৱস্থাতে দুয়োজন কালি সংঘটিত বিস্ফোৰণটোৰ লগে লগেই দুয়োজন নিৰুদ্দিষ্ট হৈ পৰিছিল তেনে থলত ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষৰ ফালৰ পৰা লগে লগেই পৰিয়ালক কিয় জনোৱা নহ’ল এই লৈও উঠিছে প্ৰশ্ন। আজি অয়ল দুলীয়াজনত থকা অগ্নি নিৰ্বাপক বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰয়াত অয়ল কৰ্মচাৰী দুজনৰ পৰিয়ালৰ সদস্য, দল-সংগঠনৰ প্ৰতিনিধি আৰু ৰাইজে। উল্লেখ্যযে প্ৰয়াত তিখেশ্বৰ গোহাঁইৰ ঘৰ  ১ নং দুলীয়াজন গাঁৱৰ হৰিহৰ পথত। আনহাতে দুৰ্লভ গগৈ অয়ল ইণ্ডিয়াৰ এ-টাইপ আবাসীক এলেকাৰ বাসিন্দা।