Local, Vocal, Global

বাক্সাৰ শালবাৰীত ২ যুৱকৰ দেহত কভিড পজিতিভ, গণ সংক্ৰমণৰ আশংকা

*বাক্সাৰ শালবাৰীৰ জালাহ কদমগুৰিত ক’ভিড ১৯ ত আক্ৰান্ত দুজন যুৱক।

*ধনজিৎ দাস আৰু ব্ৰজেন দাসৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

*২৩ মেত চেন্নাইৰ পৰা উভতি অহাৰ পিছত মুছলপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত দহ দিন ৰাখিছিল যুৱক দুজনক।

*মুছলপুৰত দহ দিন থকাৰ পিচত প্ৰথম পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত হোম কোৱাৰেন্টাইনত চাৰিদিন থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে।

*উল্লেখ্য যে দ্বিতীয় টেষ্টৰ ফলাফলৰ ৰিপ’ৰ্ট নহোৱাকৈ হোম কোৱাৰেন্টাইনত চাৰিদিন থাকি যুৱক দুজনে ঘুৰি ফুৰিছিল অঞ্চলটোত।

*যুৱক দুজনে জালাহৰ বিভিন্ন দোকানত বজাৰ কৰাৰ লগতে এটিএমত টকা উলিওৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়ে।

*শনিবাৰে দ্বিতীয় টেষ্টত কোভিড-১৯ পজিটিভ অহাত ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে যুৱক দুজনক মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে।

*অৱশ্যে যুৱক দুজনৰ স্পৰ্শলৈ অহা বহু লোকৰ নমুনা সংগ্ৰহ কৰাৰ লগতে লোক সকলক হোম কোৱাৰেন্টাইন কৰিছে স্বাস্থ্য বিভাগে।

*যুৱক দুজনে জালাহৰ বিভিন্ন দোকানত বজাৰ কৰি ঘূৰি ফুৰাৰ বাবে জালাহ বজাৰ কমিটি আৰু জালাহ উন্নয়ন কমিটিয়ে তিনিদিনৰ বাবে জালাহৰ সকলো দোকান পাহাৰ ইতিমধ্যে বন্ধ কৰিছে।

*জালাহ উন্নয়ন কমিটি আৰু জালাহ বজাৰ কমিটিয়ে জালাহ অঞ্চলৰ লোকক আতংকিত নহোবলৈ আহ্বান জনোৱাৰ লগতে সকলকে ঘৰত থাকিবলৈ অনুৰোধ জনায়।