Local, Vocal, Global

প্ৰতিভা বিকাশত হেঙাৰ হৈ পৰিছে কৰ’না মহামাৰী…

বজালীৰ এটি ১০ বছৰীয়া শিশুয়ে যোগ শিক্ষাগ্ৰহণ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে নিজকে সাজু কৰি তুলিছে।

কৰ’না মহামাৰীৰ বাবে বাধা হৈ পৰিছে প্ৰতিভা বিকাশত।

 

এজন  অসাধাৰণ ১০ বছৰীয়া শিশু৷ বজালী মহকুমাৰ পাঠলাগাঁও নিবাসী সন্তোষ শৰ্মাৰ ১০ বছৰীয়া পুত্ৰ সন্দীৱ শৰ্মাই প্ৰায় ৪ বছৰ বয়সৰ পৰাই ঘৰতে যোগ-ব্যায়ামৰ বিভিন্ন কৌশল আয়ত্ত কৰি সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে৷ কম সময়ৰ ভিতৰতে অতি কঠিন যোগ ব্যায়ামত পাকৈত হৈ পৰিছে ১০ বছৰীয়া সন্দীপ৷ পাঠশালা শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ সন্দীপে ইতিমধ্য কেইবাখনো খেলত অংশ গ্ৰহণ কৰি পাঠাশালালৈ সুনাম কঢ়িয়াই আনিছে ছাত্ৰজনে৷ আনহাতে ঘৰতে বিভিন্ন কঠিন যোগ-ব্যায়ামৰ প্ৰশিক্ষণ গ্ৰহন কৰি নিজকে প্ৰস্তুত কৰি তুলিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে৷ কিন্তু বিশ্বত চলি থকা ক’ৰনা মহামাৰীৰ বাবে কেইবাখনো খেল বাতিল হোৱাত শিশুটিৰ হেঙাৰ প্ৰতিভা বিকাশত হেঙাৰ হৈ পৰিছে৷