Local, Vocal, Global

পুৱা পৰিয়াললৈ ভিডিঅ’ কলিং, বিয়লি ৪.৩০ মিনিটত মৃত্যু যোৰহাটৰ প্ৰাঞ্জুমোহন

কভিড-১৯ ভয়াবহতাৰ মাজতে আকৌ আহিল এক দু-সংবাদ। মধ্য প্ৰদেশৰ ইন্দোৰত কৰ্মৰত আছিল যোৰহাটৰ প্ৰাঞ্জু মোহন বৰুৱা। বিশ্বত সন্ত্ৰাস চলোৱা কভিড-১৯ত আক্ৰান্ত হৈ হোম আইছ’লেচনত আছিল যোৰহাটৰ ডেকাগাৱঁৰ অভিযন্তাজন। দেওবাৰে বিয়লি ইন্দোৰৰ স্থানীয় আৰক্ষী থানাৰ পৰা খবৰ আহিল ইতিমধ্যেই মৃত্যুক আঁকোৱালি লৈছে অভিযন্তা প্ৰাঞ্জুমোহনে। কিন্তু মানি ল’ব পৰা নাই যোৰহাটৰ পৰিয়ালবৰ্গই কাৰণ পুৱা ভিডিঅ’ কলিঙৰ জৰিয়তে প্ৰাঞ্জুৱে কথাপাতিছিল পৰিয়ালৰ সৈতে। অৱশ্যে দুপৰীয়া প্ৰাঞ্জুৰ বন্ধুৰ পৰা পৰিয়ালে জানিব পাৰিছিল উশাহ লোৱাত কষ্ট হৈছে প্ৰাঞ্জুৰ। অৱশেত ইন্দোৰৰ খাজৰানা থানাৰ পৰা আহিল প্ৰাঞ্জুৰ মৃত্যুৰ খবৰ। মৃত্যুদেহ সতকাৰৰ বাবে পৰিয়ালৰ পৰা অনুমতি বিছাৰিছিল আৰক্ষীয়ে। কিন্তু পৰিয়ালবৰ্গই মানি ল’ব নোৱাৰি প্ৰকৃত সত্য নিৰূপন কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছিল অসম চৰকাৰক। কিছু সময়ৰ পাছত পুনৰ আহিল খাৰজানা আৰক্ষীৰ ফোন মৃতদেহ ৰাখিবলৈ চিকিৎসালয়ত ঠাইৰ অভাৱ হোৱাৰ বাবে সতকাৰ কৰা হ’ল প্ৰাঞ্জুমোহন বৰুৱাৰ মৃতদেহ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হাইটেক কাম্পিটেন্ট বিল্ডাৰছ লিমিটেডত কাম কৰা অভিযন্তাজনৰ উশাহ লোৱাত কষ্ট হোৱাত কেইবাখনো চিকিৎসালয়লৈ নিয়া হৈছিল কিন্তু বিচনাৰ অভাৱৰ বাবে মৃত্যুক আকোৱালি ল’ব লগা হয় অভিযন্তা প্ৰাঞ্জুমোহন বৰুৱাই।

“আমি প্ৰকৃত কথাটো জানিবলৈ আগ্ৰহেৰে বাট চাই আছিলো যে কি পৰিস্থিতিত প্ৰাঞ্জুৱে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল। কিন্তু নিশা খাজৰানা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আমাক পুনৰ ফোন কৰি জনায় যে আৰক্ষীৰ অনুমতি সাপেক্ষে মৃতদেহৰ সৎকাৰ কৰা হৈছে। তাৰ এটি ভিডিঅ’ তেওঁলোকে আমালৈ প্ৰেৰণ কৰিছে।”, প্ৰাঞ্জুৰ আত্মীয় ৰাজেন কোঁৱৰে এনেদৰে জানিবলৈ দিয়ে।