Local, Vocal, Global

পাটাছাৰকুছিত এখন পকী দলঙৰ জৰাজীৰ্ণ ৰূপে জ্বলা কলা খুৱাইছে ৰাইজক

যি সময়ত ৰাজ্যখনৰ দলং বাট পথ নিৰ্মাণ  অথবা মেৰামতিৰ বাবে কৌটি কৌটি টকা খৰচ কৰা বুলি ৰাজ্য চৰকাৰে জাহিৰ কৰি ফুৰিছে, সেই সময়তে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত   বামাখাটা চৌখুটি  নিত্যানন্দলৈ যোৱা গড়কাপ্তানি পথৰ এখন পকী দলঙৰ বিপদ সংকুল অৱস্থাই ৰাইজক জ্বলা কলা খুৱাইছে ৷

পকী দলংখনৰ দুয়োটা মুৰ বহি গৈ প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ ৷ দীৰ্ঘদিন ধৰি দলংখনৰ এই বিপদ সংকুল অৱস্থাৰ বাবে বহু  দুৰ পথ অতিক্ৰম কৰি  গন্তব্য স্থানলৈ যাব লগা হয়  ৰাইজ  ৷  কেইবা বছৰ আগতে নিৰ্মাণ  কৰা গড়কাপ্তানী পথৰ এই পকী দলং খনৰ  দুৰৱস্থাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে৷ আনহাতে পথত দলংখনৰ   বিষয়ে কোনো ফলক আৰি নিদিয়াৰ বাবে  দুৰ্ঘটনাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে৷ আনহাতে অতি সোনকালে দলংখনৰ দুয়োটা মূৰ মেৰামতি কৰি যাতায়াত সুচল কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।