Local, Vocal, Global

পদপথৰ লোক এইবাৰৰ অতিথি, এইবাৰ কপিল শৰ্মাৰ শ্ব’লৈ কোন আহিব?

কপিল শৰ্মাই ইনষ্টাত শ্বেয়াৰ কৰা এখন ফটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ কিয়নো এইবাৰ কপিল শৰ্মাৰ শ্বলৈ কোনো চেলিব্ৰিটি আমন্ত্ৰণ কৰা নাই৷ এইবাৰ শ্ব’লৈ আহিব একেবাৰে সাধাৰণ লোক৷ কৌতুক অভিনেতা কপিল শৰ্মাই ডাব্বাৱালাসকলক আমন্ত্ৰণ জনাইছে। The Kapil Sharma Showলৈ টিফিনৱালাক আমন্ত্ৰণ জনাইছে৷ নিজৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিছে৷

বগা পোছাক, মূৰত গান্ধী টুপী। কেৱল টিফিন প্ৰদান কৰাই নহয়, মুম্বাইৰ ডাব্বাৱালাসকল অনুশাসনৰ এক জীৱন্ত উদাহৰণ। শৰ্মাই ছ’চিয়েল মিডিয়াত লিখিছে যে ৰেলখন পলম হ’ব পাৰে, বাছখন পলম হ’ব পাৰে, কিন্তু আমাৰ ভাতৃসকল সময়মতে উপস্থিত হয়। ডাব্বাৱালাসকলে প্ৰতিদিনে দুই লাখতকৈও অধিক মুম্বাইবাসীক টিফিন প্ৰদান কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰায় ৫ হাজাৰ লোকৰ বাবে ডাব্বাৱালাই কাম কৰে। জনপ্ৰিয় কৌতুক অভিনেতাজনে ছ’চিয়েল মিডিয়াত লিখি কয় যে ডাব্বাৱালাসকলৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্তব্যবোধক অভিবাদন জনাইছো।