Local, Vocal, Global

নিঃসৰ্গঃ মুম্বাই বিমানবন্দৰত পিচলিল কার্গো বিমান

মুম্বাই বিমানবন্দৰত পানীৰে আৱদ্ধ ৰান ৱে’ত অৱতৰণ কৰোতে পিচলিল বিমানৰ চকা৷ বুধবাৰৰ প্ৰচণ্ড বৃষ্টিপাতৰ ফলত ৰান ৱ‍ে’তে পিচলে এখন কাৰ্গ‍ো বিমান৷ বিমানখনে অৱতৰণ কৰোতে প্ৰচুৰ পৰিমাণৰ পানী ছিটিকায় এক ভয়াৱহ পৰিস্থিতিৰ সমুখীন হয়৷ Fedexৰ এই কাগ্ৰ‍ো এম ডি ১১ বিমানখন বাংগালুৰুৰ পৰা মুম্বাইলৈ আহিছিল৷ বিমানবন্দৰৰ ১৪/৩২ ৰান ৱ‍ে’ত নমাৰ সময়তে এই ঘটনা সংঘটিত হয় যদিও ক‍োনো ক্ষয়-ক্ষতি হ‍োৱা নাই বিমানখনৰ৷ এই ঘটনাৰ পিছত বুধবাৰে সন্ধিয়া ৬ বজাপৰ্যন্ত বিমানৰ চলাচল বন্ধ কৰি ৰখা হয় মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত৷ ঘূৰ্ণী বতাহ নিঃসৰ্গৰ তাণ্ডৱ পৰিলক্ষিত হয় মহাৰাষ্ট্ৰত৷