Local, Vocal, Global

নাজিৰাত মহকুমাধিপতিৰ উদ্যোগত ব্যবসায়ীৰ মাজত সজাগতাৰ সৃষ্টি

নাজিৰা মহকুমাত মহামাৰী কৰ’নাৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে ৷ ইতিমধ্যে মহকুমাটোত ৩০৮ গৰাকী কভিড ৰোগী চিনাক্ত কৰাৰ লগতে চাৰিজন ব্যক্তিৰ মৃত্যু হৈছে ৷ তথাপি নাজিৰা ,শিমলুগুৰিৰ একাংশ ব্যবসায়ী সচেতন নোহোৱাৰ সময়তে আজি নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই সহযোগী দণ্ডাধীশ সকলক লগত লৈ নাজিৰা ,শিমলুগুৰি ,গেলেকী আদি অঞ্চলত সামাজিক দুৰত্ব মানি চলা ,চেনিটাইজাৰ ব্যবহাৰ কৰা ,মাক্স ব্যবহাৰ কৰিবলৈ সকলোকে আহ্বান জনাই ৷

চৰকাৰৰSOP নামানিলে দোকান বন্ধ কৰিবলৈ বাধ্য হব বুলিও সকিয়াই দিয়ে মহকুমাধিপতিয়ে ৷