Local, Vocal, Global

দেশত আকৌ লকদাউন হ’ব নেকি? আজি কি ক’লে প্ৰধানমন্ত্ৰীয়ে

দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই ৩.৫ লাখ অতিক্ৰম কৰিছে। পৰিস্থিতি ক্ৰমে জটিলতাৰ দিশেষে গতি কৰিছে। এনে সময়ত কিন্তু নতুনকৈ লকদাউন জাপি দিয়াৰ পৰিবৰ্তে আনলক 2.0 সূত্ৰক লৈহে ব্যস্ত ভাৰত চৰকাৰ। কাৰণ উপায়ো নাই। পুনৰ Iইই98লকদাউন মানেই ইতিমধ্যেই ভাঙি পৰা অৰ্থনীতিৰ টুকুৰা 87 ওহা877তুৰীৰ কোব। গতিকে আজি ক্ৰমাগত দ্বিতীয় দিনৰ বাবে 87 মুখ্য978077মন্ত্ৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে হোৱা আলোচনাত প্ৰধানমন্ত্ৰীৰ মুখত প্ৰাধান্য পালে লকদাউন শেষ কৰা88 অৰ্থাৎ আনলক 2.0ৰ প্ৰসংগই। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান বক্তব্য এতিয়া লকদাউনৰ পৰা ওলাই আহি আনলক 2.0 ৰ বাবে আঁচনি তৈয়াৰ কৰাৰ সময়। কিন্তু কৰ’না টেষ্টৰ সংখ্যা ব্যাপক কৰা আৰু আক্ৰান্ত সকলৰ বাবে চিকিৎসালয়ত বিছনা বৃদ্ধি কৰাত বিশেষ জোৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে। বিভিন্ন মহলত আশংকা যে দেশত কৰ’না সংক্ৰমণ ভয়াবহ ভাবে বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিতত পুনৰ লকদাউন জাৰি কৰা হ’ব নেকি? পিছে প্ৰধানমন্ত্ৰীজনে আনলক 2.0ৰ আঁচনি তৈয়াৰ কৰাৰ কথাহে গুৰুত্ব সহকাৰে উল্লেখ কৰে। আগন্তুক সময়ছোৱাত দেশত নিৰ্মান খণ্ডত অধিক মনোনিবেশ কৰিব চৰকাৰে। তদুপৰি স্ব গৃহলৈ ঘূৰি আহে প্ৰব্ৰজিত শ্ৰমিকক লৈ আগন্তুক সময়ত সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বানৰ বাবে বাস্তৱসন্মত কৌশল ৰচনা কৰি সাজু হবলৈ মুখ্যমন্ত্ৰী সকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।