Local, Vocal, Global

দুই নাৰ্চ কভিড পজিতিভ, গোলাঘাট নাৰ্চিং হোমত হুৱা দুৱা লাগিছে

গোলাঘাটৰ দুজন লেব টেকনিচিয়ান কভিড আক্ৰান্ত হোৱাৰ পিছতে পুনৰ দুগৰাকী নাৰ্ছ কভিড পজিটিভ। কভিড পজিটিভ দুয়োগৰাকী নাৰ্ছ গোলাঘাট নাৰ্চিং হ’মৰ ।

কোৱাৰেইণ্টাইনত থাকি ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কভিড টেষ্টৰ বাবে স্বৱাব গ্ৰহণ কৰা এম এম ইউ তথা এন এইছ এমৰ লেৱ টেকনিচিয়ান দুজনে গোপনে গোলাঘাট নাৰ্চিং হ’মৰ লেৱৰেটৰীত কাম কৰি আহিছিল। ১৩ জুন লৈকে ব্যক্তিগত নাৰ্চিং হ’ম খনত গোপনে কাম কৰাৰ পাছত ১৪ জুনত দুই লেৱ টেকনিচিয়ানৰ কভিড পজিটিভ ধৰা পৰে। নাৰ্ছিং হ’ম খনত ১৬ জুন পৰ্য্যন্ত সক্ৰিয় হৈ আছিল বায়মেট্ৰিক্স মেচিন।  দুই লেৱ টেকনিচিয়ানে ১৩ জুন লৈকে ব্যৱহাৰ কৰিছিল বায়মেট্ৰিক্স মেচিন। উক্ত লেৱ টেকনিচিয়ান প্ৰাঞ্জল বৰা আৰু ঋতুৰাজ বৰাৰ পৰাই সংক্ৰমণ হোৱাৰ আশংকা কৰ্তব্যৰত নাৰ্ছ দুগৰাকীৰ। ব্যক্তিগত নাৰ্চিং হোম খনৰ পৰা মুঠ ৯২ জন চিকিৎসা কৰ্মী, সুৰক্ষা কৰ্মী, চিকিৎসক আৰু প্ৰায় পাঁচজন ৰোগীৰ স্বাৱাব গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। দুগৰাকী নাৰ্ছৰ বাদে বাকী সকলৰ কভিড নিগেটিভ। দুগৰাকী নাৰ্ছৰ কভিড পজিটিভ ধৰা পৰাত এক প্ৰকাৰ আতংক বিৰাজ কৰিছে গোলাঘাটৰ নাৰ্ছিং হ’ম খনত। কোৱাৰাইনটাইন হৈ থকা স্বত্বেও ব্যক্তিগত নাৰ্চিং হ’মত কৰ্ম সম্পাদন কৰিছিল কভিড আক্ৰান্ত দুজনে । মঙ্গলবাৰে গোলাঘাট নাৰ্চিং হ’ম ৰেষ্ট্ৰিকটেড জ’ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে । চিকিৎসালয় খনৰ নাৰ্চ,চিকিৎসক,ৰোগী আদি সকলোৰে সংগ্ৰহ কৰা হৈছিল স্বাৱ । বুধবাৰে চিকিৎসালয় খনৰ দুগৰাকীকৈ লোকৰ কভিড ধৰা পৰাত একপ্ৰকাৰ হুৱাদুৱা অৱস্থা গোলাঘাটত।