Local, Vocal, Global

দিহিং -পাটকাইত কংগ্ৰেছৰ প্ৰতিবাদ

দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ তীব্ৰ বিৰোধীতাৰে পাটকাই পাহাৰত সৰৱ কংগ্ৰেছী। বৰ্ষাৰণ্যত মুক্ত কয়লা খননক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ বিৰূদ্ধে ৰাজ্যজুৰি উঠা প্ৰতিবাদৰ মাজতে মঙলবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ লেখাপানীৰ হালেকীত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ এটি সঁজাতি দল। অসম বিধান সভাৰ বিৰোধী দলৰ উপ-দলপতি প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা দলটোৱে দিহিং-পাটকাইত কোনো কাৰনতে কয়লাৰ মুক্ত খনন চলিবলৈ দিয়া ন’হব বুলি স্পষ্ট কৰি দিয়ে। বৰ্ষাৰণ্যখনৰ অস্তিত্বক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা ভূমিকাকো তীব্ৰ সমালোচনা কৰে দলটোৱে।
তদুপৰি মাৰ্ঘেৰীটা সমষ্টিৰ নামদাং,নামতক, লিডুৰ তিকক,লাল পাহাৰ,পাহাৰপুৰ আদিত চলি থকা চোৰাং কয়লা খননৰ বিৰূদ্ধেও সৰৱ হৈ পৰে কংগ্ৰেছ নেতৃত্ব। পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা দলটোত প্ৰাক্তন মন্ত্ৰী প্ৰনতি ফুকন,সুশান্ত বুঢ়াগোঁহাই প্ৰমুখ্যে কেবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে ।