Local, Vocal, Global

ত্ৰিপুৰাত নতুনকৈ আক্ৰান্ত ২৩ জন

অতিমাৰী কৰ’নাৰ ত্ৰাস অব্যাহত ৰৈছে ত্ৰিপুৰাত। ৰাজ্যখনত পুনৰ নতুনকৈ ২৩ জন লোক ক’ভিড-১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে। মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰ যোগে সদৰী কৰিছে এই তথ্য। তেওঁ সদৰী কৰা মতে শেহতীয়াকৈ ৰাজ্যখনৰ ৩৮০ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল। তাৰে ২৩ গৰাকী ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। ইয়াৰে ২০ গৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী পোহৰলৈ আহিছে যদিও আন ৩ গৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।