Local, Vocal, Global

ত্ৰিপুৰাত ক’ভিড- ১৯ৰ ভয়াবহ ৰূপত সংক্ৰমণ

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত কেৱল সোমবাৰৰ দিনটোত ১০৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আক্ৰান্তসকলৰ আটাইৰে আছে ট্ৰেভেল হিষ্ট্ৰী।ৰাজ্যখনত এই পৰ্যন্ত ৪২৩ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৫১ জন লোক চিকিৎসাধীন হৈ আছে।এনে পৰিস্থিতিত ৰাজ্যখনৰ সকলো নাগৰিকক সতৰ্ক হ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে।
এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বিভিন্ন ব্যক্তি সংগঠনে ইতিমধ্যে ১৯ কোটি টকা অৰিহনা আগবঢ়াইছে।ৰাজ্য চৰকাৰৰ হৈ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে দুৰ্গত সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা সকলো ব্যক্তি,সংগঠনক কৃতজ্ঞতা জনাইছে।