Local, Vocal, Global

জৰ্জ ফ্লইড হত্যাকাণ্ড, হত্যাকাৰী আৰক্ষী বিষয়াৰ পত্নীয়ে বিচাৰিছে বিবাহ বিচ্ছেদ

আমেৰিকাৰ মিনিয়পলিচ আৰক্ষীৰ বিতৰ্কিত বিষয়া ডেৰেক চৌৱিনচৰ পত্নীয়ে আমেৰিকান আফ্ৰিকীয় মূলৰ যুৱক জৰ্জ ফ্লইডক হত্যা কৰা বাবে হত্যাকাৰী  স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে ।
যোৱা ২৫ মে’ত জৰ্জ ফ্লইডৰ মৃত্যুৰ পাছতেই সলনি হৈছে আমেৰিকাৰ পৰিস্হিতি , প্ৰতিবাদে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । জৰ্জ ফ্লইডক থাৰ্ড ডিগ্ৰী শাস্তি প্ৰদানেৰে অতি নৃশংসভাৱে হত্যা কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে ।
শাস্তি প্ৰদানৰ সময়ত অভিযুক্ত আৰক্ষী বিষয়া ডেৰেক চৌৱিনচ ইমানেই নৃশংস হৈ পৰিছিল যে জৰ্জৰ ডিঙি প্ৰায় ৯মিনিট পৰ্যন্ত হেচা মাৰি ৰাখিছিল , প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চৌৱিনচে কৰা নিৰ্যাতনৰ সেই সময়খিনিত জৰ্জে প্ৰাণ ৰক্ষাৰ বাবে চিঞৰিছিল । ডেৰেকৰ এই নিৰ্যাতনৰ পাছতেই প্ৰাণ গৈছিল জৰ্জৰ ।
এই অমানৱীয় আৰু নৃশংস ঘটনা সংঘটিত কৰা স্বামী ডেৰেকক গ্ৰেপ্তাৰৰ এটা দিনৰ পাছতেই শনিবাৰে ডেৰেকৰ পত্নী কেলি মে চৌৱিনে  বিচাৰিলে বিবাহ বিচ্ছেদ। কেৱল ইমানেই নহয় কেলিয়ে স্বামীৰ বিৰুদ্ধে থাৰ্ড ডিগ্ৰীৰে নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰো অভিযোগ তুলিলে।১০বছৰীয়া সংসাৰৰ বিচ্ছেদ বিচাৰি
৮ পৃষ্ঠাযোৰা আবেদন তৰিলে কেলিয়ে ।