Local, Vocal, Global

জয়পুৰত মানৱতাৰ জয়গান : লঘোনে থাকি হাতী পোহপালৰ অনন্য নিদৰ্শন..

জয়পুৰত মানৱতাৰ জয়গান

লকডাউনৰ অচলাৱস্থাত খাদ্য সংকটত জুৰুলা গাঁওবাসী

৮০ দিনে এসাঁজ খাই আনসাঁজ খুৱাইছে হাতীক

নিজে লঘোনে থাকি হাতী পোহপালৰ অনন্য নিদৰ্শন

কেৰেলাত আনাৰস বোমাৰে এজনী গাভিনী হাতীক হত্যাই মানৱ সভ্যতাক লজ্জানত কৰাৰ সময়তে এক বিপৰীত দৃশ্য ৰাজস্থানৰ জয়পুৰত। কেৰেলাৰ হৃদয়বিদাৰক কাণ্ড সংঘটিত হোৱা মালপ্পুৰমৰ পৰা ২৪০০ কিলোমিটাৰ নিলগত মানৱতাৰ অনন্য নিদৰ্শণ ৰচিছে এখন গাঁৱৰ বাসিন্দাই।
২০১০ চনত ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰ-দিল্লী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ১২০ বিঘা মাটিত স্থাপন হোৱা দেশৰ প্ৰথম তথা একমাত্ৰ হস্তী গাঁওখনত সংকটকালত উজলিছে মহান মানৱতা। লকডাউনৰ আগলৈকে গাঁওবাসীক পোহপাল দিয়া হস্তীকূলক জীৱিকা অৰ্জনৰ সংকট কালত লঘোন দি পুহিছে স্থানীয় বাসিন্দাই।
দেশজোৰা লকডাউনৰ বাবে বিগত ৮০ দিনধৰি এই গাঁৱৰ হাতীৰ মালিক আৰু মাউতৰ ৮ শতাধিক পৰিয়ালৰ জীৱিকা অৰ্জনৰ বাট স্তব্ধ হৈ পৰিছে। ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে গাঁওবাসী। কিন্তু তৎসত্বেও এই ৮ শতাধিক লোকে এসাঁজ খাই আনসাঁজ হাতীৰ বাবে সাঁচি হস্তী-মানুহৰ সহাৱস্থানৰ বিৰল নিদৰ্শন ৰচিছে।
উল্লেখযোগ্য যে এই গাঁৱত থকা মুঠ ১০৩ টা হাতী জয়পুৰৰ আমেৰ দূৰ্গত পৰ্যটকক ফুৰুওৱাৰ লগতে স্থানীয় ৰাজ পৰিয়ালৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয়।একোটা হাতীৰ বাবদ দৈনিক ৩,৫০০ টকা ব্যয় হয় যদিও লকডাউনৰ অচলাৱস্থাত ভয়াৱহ খাদ্য সংকটৰ মাজত গাঁওবাসীৰ বাবে উদ্বিগ্নতাৰ বিষয় হৈ পৰিল হাতীসমূহক প্ৰয়োজনীয় খাদ্য যোগান ধৰা। এনে অৱস্থাতো কিন্তু নিজৰ পেটৰ স্বাৰ্থকো তুচ্চ কৰি এসাঁজ লঘোনে থাকি নিৰ্বোধ হস্তীকুলক খাদ্যৰ যোগান ধৰি লকডাউনৰ সুদীৰ্ঘ সময়চোৱাত জয়পুৰৰ এই হস্তীগাঁৱৰ বাসিন্দাই ৰচিছে মানৱতাৰ অপূৰ্ব নিদৰ্শণ ।।