Local, Vocal, Global

জীৱন মৃত্যুৰে যুঁজিছে শিৱসাগৰৰ মুন্নীয়ে

যি সময়ত সৰ্বসাধাৰণে চিকিৎসক সকলক ভগৱানৰ লগত তুলনা কৰে ,সেইসময়তে শিৱসাগৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে এগৰাকী প্ৰসূতিৰ গৰ্ভাশয়ক বাকচৰ লগত তুলনা কৰি প্ৰসূতি গৰাকীক চূড়ান্তভাৱে অপমান কৰাৰ লগতে ভুল চিকিৎসাৰে মৃত্যু মুখলৈ ঠেলি দিছে এগৰাকী মহিলাক।বৰ্তমান জীৱন মৃত্যুৰে যুঁজি  থকা প্ৰসূতি গৰাকীৰ এবাৰলৈ  হলেও খবৰ লোৱা  নাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ লগতে  চিকিৎসকজনে। উপায়ন্তৰ হৈ প্ৰসূতি গৰাকীৰ দৰিদ্ৰ স্বামীয়ে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে শিৱসাগৰৰ আৰক্ষীৰ।মহিলা গৰাকী হৈছে শিৱসাগৰ নগৰৰ সমীপৰ বনিয়াবাৰীৰ মুন্না বাচফৰৰ পত্নী মুন্নী বাচফৰ।চিকিৎসকৰ ভুল চিকিৎসাৰ বলী হৈ এইদৰে এতিয়া বিচনাত পৰি জীৱন মৃত্যুৰে যুজি আছে মুন্নীয়ে।

আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে সন্তান সম্ভৱা  মুন্নীয়ে সম্ভাব্য প্ৰসৱজনিত কাৰনত কাষ চাপিছিল শিৱসাগৰ নগৰৰ মাজ মজিয়াত থকা শৰ্মা নাৰ্চিং হোম নামৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ বৰা উপাধিধাৰী এজন চিকিৎসকৰ৷সেইখিনি লৈকে মাতৃ আৰু গৰ্ভত থকা সন্তানৰ অৱস্থা সকলো থিকেই আছিল৷ কিন্তু সেইদিনা বৰা উপাধিধাৰী চিকিৎসকজনে দিয়া ঔষধ সেৱন কৰাৰ ফলত কেইটামান দিনৰ ভিতৰতে ক্ৰমান্বয়ে স্বাস্থ্যৰ অধিক অৱনতি ঘটে মুন্নীৰ। যাৰ বাৱে পুনৰ মুন্নীক লৈ যোৱা হল সেই একেখন চিকিৎসালয়ৰ একেইজন চিকিৎসকৰ ওচৰলৈ।প্ৰথম অৱস্থাত গুৰুত্ব প্ৰদান নকৰা  চিকিৎসকজনে পাছত স্বাস্থ্য পৰীক্ষা কৰি অতি তাৎপৰ্যপূর্ণ ভাৱে মুন্নীৰ স্বামীক জানিবলৈ দিয়ে যে মুন্নীৰ গৰ্ভত থকা সন্তানটিৰ মৃত্যু হৈছে৷লগতে চিকিৎসকজনে পৰামৰ্শ দিলে মুন্নীৰ এটা জৰুৰী অপাৰেচন কৰাবৰ বাৱে৷চিকিৎসকৰ পৰামৰ্শৰ মতেই মুন্নীৰ সম্পন্ন হল এটা অপাৰেচন৷কিন্তু অপাৰেচন কৰাৰ পাছটো সুস্থ হৈ নুঠিল প্ৰসূতি গৰাকী৷

দৰিদ্ৰ পৰিয়ালৰ মুন্নীৰ চিকিৎসাৰ নামত খৰচ হল প্ৰায় কেইবালাখো টকা৷এতিয়া হাতত ফুটা কড়ি এটাও নাই মুন্নীৰ স্বামীৰ হাতত৷মুন্নীৰ লগতে মুন্নীৰ স্বামীৰ অভিযোগ চিকিৎসক বৰাৰ ভুল চিকিৎসাৰ বাৱেই আজি মুন্নীৰ এই অৱস্থা৷

মুন্নীৰ লগতে মুন্নীৰ স্বামীৰ এতিয়া শেষ ভৰষা হৈছে শিৱসাগৰ আৰক্ষী৷মুন্নীৰ স্বামীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ৷শৰ্মা নাৰ্ছিংহোমৰ লগতে নাৰ্ছিংহোম খনৰ সেই বিশেষ বৰা উপাধিধাৰী চিকিৎসকজনৰ ওপৰত মুন্নীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া পৰিবৰ্ত্তী পয্যায়ত লক্ষণীয় হব৷