Local, Vocal, Global

জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা !

শনিবাৰে জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰিয়াচি জিলাৰ ৰাজৌৰী চহৰৰ পৰা শিৱ খোৰী মন্দিৰলৈ ভক্তক কঢ়িয়াই নিয়া এখন বাছ পথৰ পৰা বাগৰি গৈ এটা দ খাৱৈত পৰে।নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন ৰাস্তাৰ পৰা পিছলি ৫০ ফুটতকৈও অধিক তললৈ পৰে।শনিবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ফলত দুগৰাকী লোকৰ মৃত্যু হয় আৰু ১৯ গৰাকীৰ আহত হয়। তথ্য অনুসৰি, দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু এটি ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ চিকিত্‍সালয়ত ভৰ্তি কৰে।

খবৰ অনুসৰি ঘটনাস্থলীত আহতসকলক বিশেষ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয় (জিএমচি) চিকিৎসালয় জম্মুলৈ প্ৰেৰণ কৰা হৈছে।