Local, Vocal, Global

ছিপাঝাৰৰ খান্দাজান দলংৰ তলত ATM ৰ সামগ্ৰী উদ্ধাৰ

ছিপাঝাৰৰ খান্দাজান দলংৰ তলত এটিএম সামগ্ৰী উদ্ধাৰ

দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানা অন্তৰ্গত খান্দাজানত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ননৈ নদীৰ দলংৰ তলত আজি পুৱা ATM ৰ ভঙা সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি । ৰাতিপুৱা প্ৰাত: ভ্ৰমনত অহা লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত সামগ্ৰীখিনি উদ্ধাৰ কৰি লৈ যায় । উল্লেখ্য যে ছিপাঝাৰ ঘোঁৰাবান্ধাত দেওবাৰে নিশা তিনিটাকৈএটিএম চুৰি কাণ্ড সংঘটিত হৈছিল । ইফালে ছিপাঝাৰ আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও চোৰ আটক কৰিবলৈ সক্ষম হোৱা নাই ।