Local, Vocal, Global

ছিক্কিমত বিষাক্ত কাঠফুলাই প্ৰাণ ললে মহিলাৰ

অৰ্গেনিক ৰাজ্য ৰূপে সুখ্যাতি থকা ছিক্কিমত বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰে এগৰাকী মহিলাৰ মৃত্যু আৰু আন ৫ সদস্য অসুস্থ হৈ পৰাৰ বাতৰি আহিছে। দক্ষিণ ছিক্কিমৰ নামচিত সংঘটিত হৈছে এই ঘটনা। আহাৰৰ সৈতে বনৰ পৰা তুলি অনা কাঠফুলা খাই প্ৰথমেই অসুস্থ হৈ পৰে পৰিয়ালটোৰ ৬ সদস্য। তেওঁলোক ক্ৰমে এগৰাকী বৃদ্ধাৰ লগতে দুই পুত্ৰ , দুই বোৱাৰী আৰু এটি নাতি। কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাত এগৰাকী।বোৱাৰীয়েকক প্ৰথমে স্থানীয় চিকিৎসালয় আৰু পিছত গেংটকলৈ পঠোৱা হয়। গেংটকৰ চিকিৎসালয়ত মৃত্যু হয় ৩৬ বছৰীয়া মহিলা গৰাকীৰ। তেওঁ আছিল দুটি সন্তানৰ মাতৃ। চিকিৎসালয় সূত্ৰই জনোৱা মতে চিকিৎসাধীন বাকী ৫ জনৰ অৱস্থা এতিয়াও সংকতমুক্ত হোৱা নাই।