Local, Vocal, Global

কৰিমগঞ্জৰ ইছাখাউৰি গাঁৱত অঘটন

বজ্ৰপাতত ৪ শিশুৰ লগতে এজন ৫০ বছৰীয়া ব্যক্তি  নিহত। আহত আন দুজনক শিলচৰ মেডিকেললৈ প্ৰেৰণ। কৰিমগঞ্জৰ ৰাতাবাড়ী সমষ্টিৰ ইচাখাউৰি গাঁওত সংঘটিত হল এক মৰ্মান্তিক ঘটনা। বজ্ৰপাতত মৃত্যু একে পৰিৱালৰ ৫গৰাকী সদস্যৰ। ঘটনা ৰামকৃষ্ণনগৰ থানা এলাকাৰ ইচাখাউৰি গাঁৱৰ। তৰমুজ আলীৰ ঘৰত সংগঠিত হৈছে এই ঘটনা । এলেকাটোত থকা নিহত হোৱা সকলৰ নাম যথাক্ৰমে আনোয়াৰ হুছেইন(১২), দিলোৱাৰ হুছেইন(১০), ছৰিফউদ্দিন(১২), আবিধা বেগম(৯), ইছলামউদ্দিন(৫০)৷ গুৰুতৰভাৱে আহত অবস্থাত সাইমুলউদ্দিন(১২) আৰু পাৰুল বেগমক(১২) হাইলাকান্দি চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।