Local, Vocal, Global

কৰাচীত কৰ’না আক্ৰান্ত সপত্নীক ডাউড

কৰ’নাই কঁপাইছে কুখ্যাত ডি কোম্পানীকো। কুখ্যাত মাফিয়া ডন ডাউড ইব্ৰাহিম পৰিছে কাল কৰ’নাৰ কবলত। তাকো সপত্নীক। কেইবাটাও সংবাদ প্ৰতিষ্ঠানে বেছ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে এই বাতৰি। বাতৰিৰ মূল বিষয়বস্তু ডাউড ইব্ৰাহিম আৰু তেওঁৰ পত্নী দুয়োৰে নমুনা পৰীক্ষাত পোৱা গৈছে ক’ভিড -১৯ পজিটিভ । সংবাদ প্ৰতিষ্ঠান সমূহে পাকিস্তান চৰকাৰৰ উচ্চ স্তৰৰ সূত্ৰৰ পৰা এই তথ্য পোৱা বুলি দাবী কৰিছে। বৰ্তমানে কৰাচীৰ বাসিন্দা ডাউডৰ দেহৰক্ষী আৰু একাধিক ব্যক্তিগত সহযোগীক ইতিমধ্যেই কোৱাৰেণ্টাইন কৰা বুলিও ওলাইছে খবৰ। ডি কোম্পানীৰ মুৰব্বী স্বৰূপ ডাউদ আৰু তেওঁৰ পত্নী মেহজেবিনক কৰাচীৰ এক সামৰিক হাস্পতালত ৰাখি চিকিৎসা কৰি থকা বুলিও জানিব পৰা গৈছে। ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণলানিৰ মূল অভিযুক্ত ডাউড। ভাৰত চৰকাৰৰ লগতে ইন্টাৰপলৰো ম’ষ্ট ওৱাণ্টেদ ডাউদক ২০০৩ চনত ভাৰত আৰু আমেৰিকাই বিশ্ব সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰিছিল।