Local, Vocal, Global

কৰ’না, দেশত ২৪ ঘণ্টাত মৃত্যু ২২৭ জনৰ

২৪ ঘন্টাত ২১৭ জন লোকৰ মৃত্যুৰ লগতে ৯০০০ অতিক্ৰম কৰিলে ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই।
দেশত এই পৰ্যন্ত ২১৬,৯১৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬,০৮৮ জনৰ।
আক্ৰান্ত আৰু মৃত্যুৰ তালিকাত দেশৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ।
ৰাজ্যখনত শেহতীয়াকৈ ২৪ ঘন্টাত ১২২ জন লোকৰ মৃত্যু ঘটিছে।
এই পৰ্যন্ত ২,৪৬৫ গৰাকী লোকৰ মৃত্যু ঘটা মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৪,৮৬০।
মহাৰাষ্ট্ৰত মৃত্যুৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক ৪৮%।
আক্ৰান্তৰ সংখ্যাৰে দ্বিতীয় স্থানত থকা তামিলনাদুত ২৫,৮৭২ আৰু তৃতীয় স্থানত ৰাজধানী দিল্লীত আক্ৰান্ত হৈছে ২৩,৬৪৫ গৰাকী।
ৰাজধানী দিল্লীত ২৪ ঘন্টাত ৫০ জন লোকৰ মৃত্যু ঘটি কৰ’নাত মৃতকৰ মুঠ সংখ্যা হৈছেগৈ ৬০৬ জন।
দেশত মৃত্যুৰ সংখ্যাৰে দ্বিতীয় স্থানত থকা গুজৰাটত ২৪ ঘন্টাত ৩০ জন লোকৰ মৃত্যু ঘটি এই পৰ্যন্ত মৃতকৰ সংখ্যা হৈছেগৈ ১,০৯২।
বিশ্বত আক্ৰান্তৰ সংখ্যাৰে ১৪ নং স্থানত থকা মেক্সিক’ত ২৪ ঘন্টাত সৰ্বাধিক ১,০৯২ জন লোকৰ মৃত্যু ঘটিছে।
বিশ্বত এতিয়াও আক্ৰান্তৰ সংখ্যাৰে আমেৰিকা,ব্ৰাজিল আৰু স্পেইন প্ৰথম ৩ টা স্থানত থকাৰ বিপৰীতে তালিকাত সপ্তম স্থানত আছে ভাৰত।
ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চৰ ৰাজ্যসমুহত এই পৰ্যন্ত মুঠ ২,৫০১ জন লোক আক্ৰান্ত হৈছে
ইয়াৰে অসমত সৰ্বাধিক ১,৮৩০,ত্ৰিপুৰাত ৪৩৮, মনিপুৰত ১১৮, নাগালেণ্ডত ৫৮, মেঘালয়ত ৩৩, মিজোৰামত ১৪ আৰু ছিকিমত ২ জন লোক আক্ৰান্ত হৈছে।