Local, Vocal, Global

কৰ’না, ত্ৰিপুৰাত নতুনকৈ পজিটিভ ৰূপে চিনাক্ত ২৫ জন।

অসমৰ পাছতে উত্তৰ-পূৱত কৰ’না আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ লোৱা ত্ৰিপুৰাত বৃহস্পতিবাৰে নিশালৈ পুনৰ ২৫ জনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
৮৭৫ জন  লোকৰ নমুনা পৰীক্ষাত ২৫ জনৰ পজিটিভ চিনাক্ত হয়।
টুইটাৰ যোগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে জনোৱা মতে ত্ৰিপুৰাত বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত কেউজনেই  বহি:ৰাজ্যৰ পৰা অহা। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৬৪৭ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১৭৩ জন। ইফালে কৰ’নাত আক্ৰান্ত হৈ বহি:ৰাজ্যত চিকিৎসাধীন হৈ আছে ত্ৰিপুৰাৰ ৩ জন লোক। ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ৪০০ কৰ’না ৰোগী এটিয়াও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ইতিমধ্যে এজন লোকৰ অস্বাভাৱিকভাবে মৃত্যু ঘটিছে।।