Local, Vocal, Global

কৰ’নাৰ সংহাৰী ৰূপ : বিশ্বৰ ষষ্ঠ স্থানত ভাৰত..

ভাৰতত কৰ’নাৰ সংহাৰী ৰূপ
আক্ৰান্তৰ সংখ্যাৰে আৰু এখোপ আগুৱাই বিশ্বৰ ষষ্ঠ স্থানত ভাৰত
২৪ ঘন্টাত দেশত আক্ৰান্ত প্ৰায় ১০ হাজাৰ লোক
এই পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ২৪৭,১৯৫ লৈ বৃদ্ধি
২৪ ঘন্টাত দেশত ২৯৮ গৰাকীৰ মৃত্যু
কৰ’নাত আক্ৰান্ত হৈ দেশত মৃত্যু এইপৰ্যন্ত ৬,৯৫০ গৰাকীৰ
মহাৰাষ্ট্ৰত সৰ্বাধিক ৮০,২২৯ গৰাকী আক্ৰান্ত,মৃত্যু ২,৮৪৯ গৰাকীৰ
৩০,১৫২ আক্ৰান্তৰে দেশৰ দ্বিতীয় স্থানত তামিলনাদু
ৰাজ্যখনত ২৪ ঘন্টাত সৰ্বাধিক ১,৪৫৯ গৰাকী আক্ৰান্ত,১৯ গৰাকীৰ মৃত্যু
তামিলনাদুত এইপৰ্যন্ত ২৫১ জনৰ মৃত্যু
২৬,৩৩৩ গৰাকী আক্ৰান্তৰে তৃতীয় স্থানত দেশৰ ৰাজধানী দিল্লী
এইপৰ্যন্ত দিল্লীত ৭০৮ গৰাকী লোকৰ মৃত্যু
আক্ৰান্তৰ সংখ্যাৰে চতুৰ্থ স্থানত থকা গুজৰাট মৃতকৰ সংখ্যাৰে মহাৰাষ্ট্ৰৰ পাছতে দেশৰ দ্বিতীয় স্থানত
গুজৰাটত কৰ’নাত ১,২১৯ গৰাকীৰ মৃত্যু
বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬,৯৯৮,১৯৯ লৈ বৃদ্ধি
এই পৰ্যন্ত বিশ্বজুৰি ৪০২,৫৬১ গৰাকী লোকৰ মৃত্যু
বিশ্বৰ কৰ’না আক্ৰান্তৰ তালিকাত আমেৰিকা,ব্ৰাজিল,ৰাছিয়া,স্পেইন আৰু বৃটেইনৰ পাছতে আছে ভাৰত