Local, Vocal, Global

কৰ’নাসৃষ্ট সময়ত শ্বাইফ আলী খানে বলীউডত ৪০০ কোটি টকাৰ সুবিধা কৰিছে

অভিনেতা শ্বাইফ আলী খান বলীউডৰ এনে এজন অন্যতম অভিনেতা যাৰ প্ৰতিভাৰ শলাগ ল’বই লাগিব। ২০২০ বৰ্ষত কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। তাৰ মাজতে কিন্তু শ্বাইফ আলী খানৰ ভাগ্য উদয় হ’ল। শ্বাইফে অভিনয় কৰা ছবিৰ খৰচ হয় প্ৰায় ৪০০ কোটি টকা। আৰু ২০২০ত শ্বাইফে প্ৰদৰ্শন কৰাৰ ছবিখনে অভিলেখ সৃষ্টি কৰিলে। বছৰটোৰ প্ৰাকমুহূৰ্ততে শ্বাইফ আলী খানে টানহাজি ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰে। যিখন ছবিয়ে বক্স অফিচত হিট ছবি হিচাপে পৰিগণিত হ’ল। শ্বাইফে কৰা নিগেটিভ ৰোলটোক দৰ্শকে আদৰি ল’লে। দেশৰ প্ৰত্যেকগৰাকী দৰ্শকেই ছবিখনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনালে। যিয়ে শ্বাইফ আলী খানৰ ভাগ্য উদয় কৰিলে৷