Local, Vocal, Global

কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ স্থগিত

গভীৰ প্ৰত্যাশাৰে ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়তে ব্ৰিটেইনত পুনৰ ভয়াৱহ ৰূপত আৰম্ভ হৈছে কৰ’না সংক্ৰমন। ব্ৰিটেইনত কৰ’নাৰ নতুন ভয়াৱহ সংক্ৰমনৰ বাবে প্ৰধান মন্ত্ৰী বৰিছ জনচনে ভাৰত ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছে.

ভাৰতৰ গনৰাজ্য দিৱসত অতিথি ৰূপে আহাৰ কথা আছিল প্ৰধানমন্ত্ৰী গৰাকী । নতুন কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটেইনত লকডাউন দিয়া হৈছে । নতুন কোৰোনা ভাইৰাছৰ বাবে বহু দেশে ভ্ৰমনত নিষেধাজ্ঞা আৰোপ কৰিছে । ভাৰতত বৰ্তমানলৈ নতুন কোৰোনা ৰোগত ৫৮ গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।