Local, Vocal, Global

কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যমুনাগাঁৱত বাঘৰ আতংক

কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যমুনাগাঁৱত বাঘৰ আতংক। যমুনাগাঁৱৰ নৈপৰীয়া হাবিত এটা বাঘৰ বিচৰণক লৈ অঞ্চলটোত সৃষ্টি  হৈছে আতংকৰ । হাবিখনত বিচৰণ কৰি ফুৰিছে পোৱালীসহ এটা প্ৰাপ্তবয়স্ক বাঘে। বাঘটো পিঞ্জৰাৱদ্ধ কৰিবলৈ কাজিৰঙাৰ পৰা বন্যপ্ৰাণী সুৰক্ষাকৰ্মীৰ এটা দল উপস্থিত হৈছে যমুনাগাঁৱত। ডকমকা ৰেঞ্জৰ বন বিষয়া-কৰ্মীৰ সহযোগত দলটোৱে হাবিখনৰ  বিভিন্ন অঞ্চলত পিঞ্জৰা পাতিছে।বাঘটোৰ সন্ধানত হাবিখনৰ বিভিন্ন প্ৰান্তত কেমেৰাও সংস্থাপন কৰিছে বন বিষয়াই । ২৯জুলাইত যমুনাগাঁৱৰে এজন কৃষকক পথাৰতে আক্ৰমণ কৰিছিল বাঘটোৱে আৰু তাৰ পিছতেই আতংকিত হৈ পৰিছিল গোটেই অঞ্চলবাসী।