Local, Vocal, Global

কাছাৰত ভয়াবহ ভূমিস্খলন। একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু

কৰ’নাৰ সংসাৰৰ মাজতে কাছাৰ জিলাৰ জয়পুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। একেটা পৰিয়ালৰে এটি ৮ বছৰীয়া শিশু সহ ৭ সদস্যৰ মৃত্যু হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হয় উদাৰবন্দ সমষ্টিৰ জয়পুৰ কলাপুৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। নিহত সকল ক্ৰমে তামিজ উদ্দীন লস্কৰ(৫০), আনোৱাৰা বেগম লস্কৰ(২৫), চুমলা বেগম লস্কৰ(১২), আলম হুছেইন লস্কৰ(১৯), আমলা বেগম লস্কৰ(১৪), আবিছ উদ্দীন লস্কৰ(১৭), আৰু ৰহিম উদ্দীন লস্কৰ(৮)। কোনোমতে প্ৰাণ ৰক্ষা পৰিল যদিও গুৰুতৰ ভাবে আহত হৈছে তামিজ উদ্দীন লস্কৰৰ পত্নী তৈবুন নেছা।