Local, Vocal, Global

ক’ভিড-১৯, য়ুহানৰ পিছত চীনৰ দ্বিতীয়খন চহৰত হ’ব নমুনাৰ গণ পৰীক্ষণ

এখন চীনা চহৰ। চহৰখনৰ মুঠ বাসিন্দা প্ৰায় ২.৮ মিলিয়ন। সেই সকলোৰে নমুনা পৰীক্ষা কৰা হ’ব কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত। চীনৰ ৰাছিয়া সীমান্তত থকা সেই চহৰখনৰ নাম মাদানজিয়াং বুলি জানিব পৰা গৈছে। হেইলংজিং প্ৰদেশত অৱস্থিত এইখন চহৰ। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনোৱা তথ্য মতে গুৱানজং নামৰ প্ৰদেশখনতো বিদেশৰ পৰা উভতি অহা এজন লোকৰ স্বাস্থ্য পৰীক্ষাতো ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইফালে ৰাছিয়া সীমান্তৰ মাদানজিয়াং নামৰ চহৰখনতো ৰাছিয়াৰ পৰা ঘূৰি অহা কেইবাজনো লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছিল।