Local, Vocal, Global

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।
এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ কানপুৰত।ভাৰতবৰ্ষত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ক্ৰমাত পৰিস্থিতি ভয়াৱহ হোৱাৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।তেনে সময়ত উত্তৰ প্ৰদেশৰ কানপুৰত ও ক’ৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে।বৰ্ধিত সংক্ৰমিতৰ সংখ্যাই প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক ও কিছু পৰিমাণে সমস্যাত পেলাইছে।তেনেস্থলত কানপুৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা।কমল সিঙ নামৰ এজন লোকে ক’ৰোনাত আক্রান্ত পিতৃক এম্বুলেন্সত লৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ফুৰিব লগীয়া হৈছিল কাৰণ চিকিৎসালয় সমূহত বিছনা খালী নাছিল। আৰু অৱশেষত পিতৃ নিৰঞ্জনে এম্বুলেন্সতে কৰুণ মৃত্যুক সাৱটি লবলগীয়া হৈছিল।এই ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।