Local, Vocal, Global

কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে আজি সম্বোধন কৰিব মেঘালয়ৰ নিৰ্বাচনী জনসভা

ডিজিটেল ডেস্কঃ-কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে আজি সম্বোধন কৰিব মেঘালয়ৰ নিৰ্বাচনী জনসভা।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মেঘালয়ত প্ৰথম নিৰ্বাচনমুখী ৰেলীত অংশ গ্ৰহন কৰিব।কংগ্ৰেছৰ সমদল শ্বিলঙৰ মালকি গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। ভাৰত জোড়ো যাত্ৰাৰ পিছত, ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা ভাৱে উপস্থিত হ’ব।

লক্ষণীয় যে, ৱায়ানাডৰ সাংসদজনে ত্ৰিপুৰাত দলৰ প্ৰচাৰত অংশগ্ৰহণ কৰা নাছিল।কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক এতিয়ালৈকে উত্তৰ-পূবৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা নাই, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক বাদ দি, যিয়ে মঙলবাৰে নাগালেণ্ডত এক নিৰ্বাচনী জনসভাত চমুকৈ বক্তব্য ৰাখিছিল।

ইফালে, ত্ৰিপুৰাত হোৱা প্ৰচাৰৰ বাবে মল্লিকাৰ্জুন খাৰ্গেক কোনো ধৰণৰ প্ৰচাৰ কৰা দেখা পোৱা নাই।মল্লিকাৰ্জুন খাৰ্গে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত সমালোচনাৰ কৰি দাবী কৰে যে দলটো আৰু ইয়াৰ মিত্ৰ শক্তিয়ে নাগালেণ্ডৰ চুমুকেদিমাত জনতাৰ সৈতে কথা পাতি ৰাজ্যখন লুণ্ঠন কৰিছে।