Local, Vocal, Global

একাদশ আৰু দশম শ্ৰেণীৰ প্ৰদৰ্শনৰ ভিত্তিত ঘোষণা হ’ব দ্বাদশ শ্ৰেণীৰ ফলাফল ৩১ জুলাইৰ আগত

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত  পৰীক্ষাৰ ফলাফল ৩১জুলাইৰ  আগতে ঘোষণা কৰিব বুলি আজি  উচ্চতম ন্যায়ালয়ক অৱগত কৰে। প্ৰতিকূল ক’ভিড পৰিস্থিতিৰ বাবে যিহেতু এইবছৰ দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নহ’ল সেইবাবে দ্বাদশ শ্ৰেণীৰ প্ৰিব’ৰ্ড, একাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰৰ্দশনৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। চূড়ান্ত ফলাফলত দ্বাদশ শ্ৰেণীৰ প্ৰি-ৰ্বডৰ পৰা ৪০ শতাংশ নম্বৰ আহিব, ৩০ শতাংশ নম্বৰ আহিব একাদশ শ্ৰেণীৰ ফলাফলৰ পৰা আৰু ৩০ শতা%শ নম্বৰ আহিব দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা তিনিটা বিষয়ত প্ৰৰ্দশনৰ পৰা।