Local, Vocal, Global

এইবাৰ নিৰ্বাচনত বিজেপিৰ কোন কোন ষ্টাৰ কেম্পেইনাৰে চলাব প্ৰচাৰ?

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাঁথো কেইটামান দিন বাকী। এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিজা ৰণনীতি প্ৰস্তুত কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ সাজু হৈছে। এফালে যদি এইবাৰৰ নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাই কংগ্ৰেছ-বিজেপিয়ে দিব নিৰ্বাচনী চমক,আনফালে আকৌ দিল্লীৰ পৰা আমন্ত্ৰিত দলৰ শীৰ্ষ নেতৃত্বক লৈ (ষ্টাৰ কেম্পেইনাৰ) ৰাজ্যৰ চুকে-কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে সাজু হৈছে ৰাষ্ট্ৰীয় দলসমূহ। এই দৌৰৰ শীৰ্ষত আছে বিজেপি। ইতিমধ্যে দলটোৱে ষ্টাৰ কেম্পেইনাৰ সকলৰ মুঠ ২০ জনীয়া এখন প্ৰস্তাৱিত তালিকা প্ৰস্তুত কৰি তুলিছে; য’ত নাম আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী,সাংসদ আদি।

অসমলৈ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিবলগীয়া ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাখন এনেধৰণৰ—

১) নৰেন্দ্ৰ মোদী,প্ৰধানমন্ত্ৰী
২)জে পি নড্ডা,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি
৩)অমিত শ্বাহ,কেন্দ্ৰীয় গৃহমন্ত্ৰী
৪)ৰাজনাথ সিং,কেন্দ্ৰীয় মন্ত্ৰী
৫)নীতিন গাডকাৰী,কেন্দ্ৰীয় মন্ত্ৰী
৬)নৰেন্দ্ৰ সিং টোমৰ,কেন্দ্ৰীয় মন্ত্ৰী
৭)যোগী আদিত্যনাথ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী
৮)স্মৃতি ইৰাণী,কেন্দ্ৰীয় মন্ত্ৰী
৯)অৰ্জুন মুণ্ডা,কেন্দ্ৰীয় মন্ত্ৰী
১০)মুক্তাৰ আব্বাছ নাকভি
১১)ড° জিতেন্দ্ৰ সিং,কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
১২)বি এল সন্তোষ,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সাংগঠনিক)
১৩)অনুৰাগ সিং ঠাকুৰ,কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
১৪)বৈজয়ন্ত জয় পাণ্ডা,ৰাষ্ট্ৰীয় উপ-সভাপতি
১৫)দিলীপ শইকীয়া,সাংসদ
১৬)শ্বাহ নৱাজ হুছেইন,বিহাৰৰ কেবিনেট মন্ত্ৰী
১৭)পুনম মহাজন,সাংসদ
১৮)মনোজ টিৱাৰী,সাংসদ
১৯)ৰবী কিষান,সাংসদ
২০)লকেট চেট্টাৰ্জী,সাংসদ

এতিয়া ওপৰোক্ত এইসকল নেতাৰ জৰিয়তেই ভাৰতীয় জনতা পাৰ্টিয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ।