Local, Vocal, Global

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ৰাজ্যৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

আজি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই  ।গভীৰ নিশাও সংকটজনক কভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ।

প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈ নিৰ্দেশ দিয়ে । অতিমাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কণ্টেইনমেণ্ট জ’নসমূহত জাৰি কৰা বাধা-নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ প্ৰদান কৰে।

এই সংকটৰ সময়ত জনসাধাৰণলৈ মানৱীয় দৃষ্টিভংগীৰে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ।