Local, Vocal, Global

আহোমৰ দ্বিতীয় ৰাজধানীত অবৈধ দখল

  • আহোমৰ দ্বিতীয় ৰাজধানীত অবৈধ দখল
  • আহোমৰ দ্বিতীয় ৰাজধানীখ্যাত শিৱসাগৰ জিলাৰ ঐতিহাসিক চৰ’গুৱাত একাংশ লোকে দখল কৰিছিল ৰজাদিনীয়া মৈডাম
  • ইয়াৰ পিছতেই অবৈধ দখলকাৰীৰ বিৰুদ্ধে সৰৱ আটাছু
  • আজি ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশত বিষয়াবৰ্গৰ সৈতে তাৎক্ষণিকভাৱে আটাছুৰ শিৱসাগৰ মহকুমা সমিতি, চৰ’গুৱা আঞ্চলিক সমিতি আৰু ডিমৌ আঞ্চলিক সমিতিৰ সদস্যসকলে যৌথভাৱে চৰ’গুৱাত উপস্থিত হৈ অবৈধ দখল কৰা মৈডামটোৰ চাৰিসীমা ছীল কৰে।
  • উল্লেখ্য যে, এই চৰ’গুৱাতে ৭জনকৈ স্বৰ্গদেউয়ে দ্বিতীয় ৰাজধানী পাতি শাসন কৰিছিল গৌৰৱোজ্বল আহোম সাম্ৰাজ্য।
  • কিন্তু বৰ্তমান চৰ’গুৱাত ক্ৰমাৎ এপদ-এপদকৈ নিঃশেষ হৈছে ৰজাদিনীয়া সম্পদৰাজিৰ।
  • আনহাতে আজিকোপতি ৰাজ্যিক অথবা কেন্দ্ৰীয় পুৰাতত্ত্বৰ কোনো এটা বিভাগে নিজৰ অধীনলৈ অনা নাই আহোমৰ দ্বিতীয় ৰাজধানী চৰ’গুৱাৰ মৈডাম,পুখুৰী, ভেঁটি আদি।