Local, Vocal, Global

আমেৰিকাৰ চকলেট কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ চকলেট কাৰখানাত ভয়ংকৰ বিস্ফোৰণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াৰ এটা চকলেট কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।বিস্ফোৰণৰ ফলত ২জনলোক নিহত হয়।ঘটনাটোৰ ফলত কেইবাজনো লোক আহত হয়।বিস্ফোৰণৰ ফলত ৯ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪:৫৭ মান সংঘটিত হয় বিস্ফোৰণৰ ঘটনাটো । বিস্ফোৰণৰ ফলত কমপ্লেক্সটোৰ এটা অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু ওচৰৰ আন এটা অট্টালিকাও বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।
খবৰ অনুসৰি , ছয়জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ন জন এতিয়াও সন্ধানহীন হৈ আছে।বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।