Local, Vocal, Global

আজি ‘বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস’

ক’ৰোনা মহামাৰীৰ সময়ৰ মাজতে ১২ জুন ‘বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস যথেষ্ট গুৰুত্বপূৰ্ণ। International Labour Organization য়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ২০০২ চনৰ ১২জুন তাৰিখটো ‘বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস’ হিচাপে পালন কৰি আহিছে ৷‘বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস’ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে শিশু শ্ৰমিকৰ সংখ্যা বিশ্বব্যাপী  ১৬০ নিযুতলৈ বৃদ্ধি হৈছে। অৱশ্যে ক’ৰোনাৰ বাবে যোৱা চাৰি বছৰত ৮.৪ নিযুত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে”। প্ৰায় দুটা দশকৰ ভিতৰত এইটো প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। ইউনিচেফ (UNICEF)ৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে বৰ্তমানে প্ৰায় ১৬ কোটি শিশু শ্ৰমিক আছে ৷