Local, Vocal, Global

আজিৰ দিনটো কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাখিফল…

মেষ ৰাশি-ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ’ব ,এইবাবে জানি-বুজি সকলো কাম কৰিব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক।

বৃষ ৰাশি- নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব।এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব ,বিশেষ্কৈ যদি আপুনি কুটনীতি ব্যৱহাৰ কৰি বস্তু সমূহ সমাধান নকৰে। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব।

মিথুন ৰাশি-আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।

কৰ্কট ৰাশি-আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব ।

সিংহ ৰাশি-বাহিৰত ঘূৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ গিৰিয়েক অথবা ঘৈনীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপওনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। অফিচত আজিৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য’ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।

কন্যা ৰাশি– সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। অংশীদাৰ ব্যৱসায়ে লাভত কৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব , কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খঙ কৰিব পাৰে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে।

তুলা ৰাশি-বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।

বৃশ্চিক ৰাশি– শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব।

ধনু ৰাশি-স্বাস্থ্যৰ যত্ন লওক, নহ’লে অসুবিধা হ’ব পাৰে। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পৱিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।
মকৰ ৰাশি– যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় লব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।

কুম্ভ ৰাশি-কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশে আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যি আপোনাৰ সমস্যা আৰু প্ৰয়োজন সমূহ বুজিব পাৰে। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ’লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। যি কাম কৰিছে তাৰ চলি থাকোতে আপুনি আজি খ্যাতি লাভ কৰিব। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব।
মীন ৰাশি- খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানীত হোৱা বৃদ্ধিত খৰচ হোৱা সন্তুলিত হৈ যাব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়।