ৰেম্পত উজলি উঠিছে নাজিৰাৰ এটি কণমানি শিশু, বুটলিবলৈ সক্ষম হৈছে কেইবাটাও বঁটা
অনন্ত কলিতা, নাজিৰা,২ফ্ৰেব্ৰুৱাৰীঃ নমাটিৰ এটি কণমানি শিশু উজ্বলি উঠিছে ৰেম্পত খোজকাঢ়ি । নাজিৰাৰ জভিয়ালভেলী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ অংকিত দত্তই ৰেম্পত খোজ কাঢ়ি সমগ্ৰ অসমতে কেইবাটাও বটা লাভ কৰিবলৈ সক্ষম হৈছে । 20১৬ চনত নাজিৰাৰ আৰিজান ইনষ্টিটিউটৰ পৰা ৰেম্পত খোজ কঢ়া প্ৰাথমিক শিক্ষা লোৱাৰ পিছত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি সফলতা লাভ কৰি আহিছে । আলপতে গুৱাহাটীত অনুষ্ঠিত INDIA INTERNATIONAL প্ৰতিযোগিতাত কিডছৰ শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈ INDIA INTERNATION STAR IKON AWARD বঁটা লাভ কৰে । এই দৰে অসমৰ আগশাৰী প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি বটা লাভ কৰি পৰিয়ালটোৰ লগতে নাজিৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । এই কণমানি অংকিত দত্তক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেউতাক দিগন্ত দত্ত আৰু মাক ববী দত্তই যথেষ্ট কষ্ট আৰু ত্যাগ কৰিছে ।